BA 1st Semester Political Science Unit 1 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ ধাৰণা | BA 1st Semester Political Science Chapter 1 Question Answer Assamese Medium | প্ৰথম অধ্যায় উত্তৰ | BA 1st Sem Political Science | BA First Semester Political Science Chapter 1 Question Answer

BA 1st Semester Political Science Unit 1 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ ধাৰণা | BA 1st Semester Political Science Chapter 1 Question Answer Assamese Medium | প্ৰথম অধ্যায় উত্তৰ | BA 1st Sem Political Science | BA First Semester Political Science Chapter 1 Question Answer

Unit : 1

ৰাজনৈতিক তত্ত্বৰ ধাৰণা

► অতি চমু প্রশ্নোত্তৰ :

১। “The Politics” গ্ৰন্থৰ লিখক কোন?

উত্তৰ: এৰিষ্টটল।

২। ‘Modern Politics and Government’ গ্ৰন্থৰ লিখক কোন?

উত্তৰ: এলান বল।

৩। ৰাজনীতি শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা আহিছে?

উত্তৰ: “Polis” নামৰ গ্ৰীক শব্দটোৰ পৰা আহিছে।

৪। Polis শব্দৰ অৰ্থ কি?

উত্তৰ: ইয়াৰ অৰ্থ নগৰ-ৰাজ্য বা চিটি-ষ্টেট।

৫। The Political System: An Inquiry into the state of Political science- গ্ৰন্থৰ লিখক কোন?

উত্তৰ: এই গ্ৰন্থখন ডেভিদ ইষ্টনে লিখিছিল।

৬। “A Grammar of Politics” গ্ৰন্থৰ লিখক কোন?

উত্তৰ: H. J. Laski.

৭। ‘ৰাজনীতি হ’ল মূল্যৰ এক কর্তৃত্বসম্পন্ন বণ্টন’- কোনে কৈছিল?

উত্তৰ: এই গহীন মতামত ডেভিদ ইষ্টনে কৈছিল।

৮। ‘ৰাজনীতিবিজ্ঞান’ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ: জ্যা ব’দাই প্ৰথমবাৰৰ বাবে এই শব্দ ব্যৱহাৰ কৰিছিল।

৯। ‘ৰাজনীতিবিজ্ঞান হ’ল ৰাষ্ট্ৰৰ বিজ্ঞান’- কোনে কৈছিল?

উত্তৰ: ব্লান্টশ্লি কৈছিল।

১০। ‘মানুহ ৰাজনৈতিক প্রাণী’- কোনে কৈছিল?

উত্তৰ: এৰিষ্টটলে এই কথা কৈছিল।

১১। Political Man: The Social Bases of Politics – গ্ৰন্থৰ লিখক কোন?

উত্তৰ: এই গ্ৰন্থখন এছ. এম. লিপচেটে লিখিছিল।

১২। ৰাজনীতিৰ এটা সংজ্ঞা দিয়া।

উত্তৰ: ৰবাৰ্ট ডালৰ মতে, ৰাজনীতি হৈছে সেই অনুশীলন যাৰ দ্বাৰা অন্যৰ ওপৰত প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰা হয়।

১৩। “Political Behaviour” নামৰ কিতাপখনৰ লেখক কোন?

উত্তৰ: আৰ্থাৰ বেন্টলী এই কিতাপখনৰ লেখক।

১৪। গ্রীক আৰু ৰোমান চিন্তাধাৰা হৈছে — কিহৰ যুগৰ?

উত্তৰ: ইয়াৰ সঠিক উত্তৰ হ’ল — পৌৰাণিক যুগৰ।

১৫। ৰাজনীতিবিজ্ঞান হৈছে ___ বিজ্ঞানৰ এটা অংগ। (খালী ঠাই পূৰ কৰা)

উত্তৰ: সমাজবিজ্ঞান।

১৬। ‘ৰাজনীতিবিজ্ঞানে ৰাষ্ট্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সম্পর্কে আলোচনা কৰে।’ কোনে কৈছিল?

উত্তৰ: গেটেলে।

১৭। গণৰাজ্য নামৰ গ্ৰন্থৰ লিখক কোন?

উত্তৰ: প্লেটো এই অমূল্য গ্ৰন্থখন লিখিছিল।

১৮। Human Nature in Politics কোনে লিখিছিল?

উত্তৰ: গ্ৰাহাম ওৱালছ এই গ্ৰন্থখন লিখিছিল।

১৯। Process of Government গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰ: এই গ্ৰন্থখন বেন্টলীয়ে লিখিছিল।

২০। ৰাজনীতিবিজ্ঞান কি?

উত্তৰ: ৰাষ্ট্ৰ, চৰকাৰ, আৰু জনজীৱনৰ ৰাজনৈতিক দিশৰ অধ্যয়নকেই ৰাজনীতিবিজ্ঞান বুলি কোৱা হয়।

২১। আচৰণবাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ: আচৰণবাদৰ সূত্ৰপাত চাৰ্লছ মেৰিয়ামে কৰিছিল।

২২। Modern Democracy গ্ৰন্থৰ ৰচক কোন?

উত্তৰ: লর্ড ব্ৰাইচ।

২৩। ‘American Political Science Review’ কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰ: এই জাৰ্নালখন প্ৰথমবাৰ ১৯০৬ চনত প্ৰকাশ পায়।

২৪। ‘Politics’ শব্দটো কি শব্দৰ পৰা আহিছে?

উত্তৰ: এই শব্দ Polis নামৰ গ্ৰীক শব্দৰ পৰা আহিছে।

২৫। কোনে প্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰ: এৰিষ্টটলে এই শব্দটো প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল।

► চমু প্রশ্নোত্তৰ :

১। ৰাজনীতি কি?

উত্তৰ: ৰাজনীতি হৈছে এনে এটি সমাজসংক্রান্ত ব্যৱস্থা, য’ত মানুহে নিজৰ মতামত, বিশ্বাস আৰু স্বাৰ্থৰ আধাৰত সিদ্ধান্ত গ্ৰহণ আৰু ক্ষমতাৰ বণ্টনৰ বাবে যুক্ত থাকে। ই ক্ষমতা আৰু নেতৃত্বৰ খেলপথাৰ হিচাপে বিবেচিত হয়।

২। ৰাজনীতিৰ দুটা সংজ্ঞা দিয়া।

উত্তৰ:

(i) ৰবাৰ্ট ডালৰ মতে, ৰাজনীতি হৈছে অন্য লোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ কৰা কাৰ্যকলাপ।

(ii) ডেভিদ ইষ্টনে কৈছিল, ৰাজনীতি হৈছে সমাজৰ ভিতৰত মূল্যবোধবোৰ কিদৰে চৰকাৰৰ দ্বাৰা বণ্টন কৰা হয় তাৰ অধ্যয়ন।

S.NoBA 1st Semester Political Science solution – All Units
1ৰাজনৈতিক তত্ত্বৰ ধাৰণা
2সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী
3ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহ
4গণতন্ত্ৰৰ পৰিচয়

৩। ৰাজনীতি প্ৰকৃতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:

(i) ই মানুহৰ সামাজিক জীৱনৰ অংশ হিচাপে বিবেচিত।

(ii) ইয়াত বিভিন্ন ব্যক্তি আৰু গোটে নিজৰ লাভৰ বাবে কাম কৰে।

৪। ৰাজনীতিবিজ্ঞান কি?

উত্তৰ: ৰাজনীতিবিজ্ঞান হৈছে এক সমাজবিজ্ঞানৰ শাখা, যি ৰাজনৈতিক গঠন, নীতি, চৰকাৰ, আৰু নেতৃত্বৰ ধাৰণাবোৰৰ অধ্যয়ন কৰে।

৫। ৰাজনীতিবিজ্ঞানৰ দুটা সংজ্ঞা দিয়া।

উত্তৰ:

(i) গাৰ্ণাৰৰ মতে, ৰাজনীতিবিজ্ঞানৰ চাৰিওফালে ৰাষ্ট্ৰেই থাকে।

(ii) ব্লান্টশ্লীৰ মতে, ই ৰাষ্ট্ৰ আৰু ৰাজনৈতিক সংগঠনৰ বিষয়ে গভীৰ অধ্যয়ন।

৬। ৰাজনীতিবিজ্ঞান বিজ্ঞান হয়নে? যুক্তি দিয়া।

উত্তৰ:

(i) ই পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ মাধ্যমে তথ্য সংগ্ৰহ কৰে।

(ii) সাধাৰণ নিয়ম আৰু তত্ত্ববোৰ সময় অনুসৰি প্ৰয়োগ কৰিব পাৰি।

৭। ৰাজনীতিবিজ্ঞান অধ্যয়নৰ দুটা প্ৰাসংগিকতা উল্লেখ কৰা।

উত্তৰ:

(i) ই ৰাষ্ট্ৰৰ গঠন আৰু কাৰ্যপদ্ধতি বুজিবলৈ সহায় কৰে।

(ii) ই লোকক সচেতন নাগৰিক হ’বলৈ উৎসাহিত কৰে।

৮। ৰাজনীতিবিজ্ঞান বুলিলে কি বুজা?

উত্তৰ: ই এক গৱেষণামূলক বিষয়, যি চৰকাৰ, ৰাষ্ট্ৰ, ৰাজনৈতিক প্ৰক্ৰিয়া আৰু সামাজিক সম্পৰ্কৰ সংগঠিত অধ্যয়ন কৰে।

৯। ৰাজনীতিবিজ্ঞান বিজ্ঞান নহয়। যুক্তি দিয়া।

উত্তৰ:

(i) ইয়াত বিজ্ঞানৰ দৰে একে ধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্ভৱ নহয়।

(ii) বহু সময়ত ফলাফল স্থায়ী বা সঠিক নোহোৱাকৈ থাকিব পাৰে।

১০। ৰাজনীতিবিজ্ঞানৰ দুটা বিষয়বস্তু উল্লেখ কৰা।

উত্তৰ: ৰাষ্ট্ৰ আৰু চৰকাৰ।

১১। ‘ৰাজনীতিবিজ্ঞান কলা।’ দুটা যুক্তি দিয়া।

উত্তৰ:

(i) ইয়াত নীতি-নৈতিকতা আৰু কৌশলৰ ব্যৱহাৰ থাকে।

(ii) ব্যৱহাৰত ভিন্নতা থাকিলেও, সিদ্ধান্ত লোৱাৰ কৌশল কলাৰ দৰে।

১২। ৰাজনীতিবিজ্ঞান আৰু বুৰঞ্জীৰ দুটা পাৰ্থক্য লিখা।

উত্তৰ:

(i) বুৰঞ্জী মূলত অতীতৰ ঘটনা লৈ আলোচনা কৰে, ৰাজনীতিবিজ্ঞান বৰ্তমান আৰু ভবিষ্যৎ ক লৈও আলোচনা কৰে।

(ii) ৰাজনীতিবিজ্ঞানৰ উদ্দেশ্য হ’ল তাত্ত্বিক বিশ্লেষণ, কিন্তু বুৰঞ্জীৰ উদ্দেশ্য হ’ল ঘটনা উপস্থাপন।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১।ৰাজনীতি কি? ৰাজনীতিৰ প্ৰকৃতি আলোচনা কৰা।

উত্তৰ: ব্যাপক অৰ্থত ক’বলৈ গ’লে ৰাজনীতিয়ে কেতবোৰ কাৰ্যকলাপক সামৰি সয়। এনে সমস্ত কাৰ্যকলাপৰ মাধ্যমেৰে মানুহে সমাজ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কেতবোৰ বিধিবদ্ধ নিয়ম-কানুন তৈয়াৰ কৰে, এইবোৰ সংৰক্ষণ কৰে আৰু সময় সাপেক্ষে ইয়াৰ সংশোধন কৰে। ৰাষ্ট্ৰই ৰাজনৈতিক পৰিস্থিতি, ৰাজনৈতিক ব্যৱস্থা, ৰাজনৈতিক কার্যকলাপ, ক্ষমতা লাভৰ বাবে কৰা সংগ্রাম কোনো ৰাজনৈতিক উদ্দেশ্য লাভৰ বাবে কৰা ব্যক্তিৰ আচৰণ আদি ৰাজনীতি বিচার্য বিষয়।

ৰাজনীতিৰ সংজ্ঞা:

ৰবাৰ্ট ডালৰ মতে, ‘ৰাজনীতি সাধাৰণতে প্রভাৱ খটুৱাবৰ বাবে কৰা অনুশীলন।’

চিলীৰ মতে, ‘ৰাজনীতিয়ে চৰকাৰী ঘটনাৱলীৰ অনুসন্ধান কৰে।’

গতিকে দেখা যায় ৰাজনীতিয়ে সমাজৰ এনে এটা দিশ প্ৰতিফলিত কৰে যিটো দিশত ব্যক্তিয়ে ক্ষমতা আহৰণৰ স্বাৰ্থত বিভিন্ন প্রতিদ্বন্দ্বিতা আগবঢ়ায়।

ৰাজনীতিৰ প্ৰকৃতি :

কুৰি শতিকাৰ মাজভাগৰ পৰা ৰাজনৈতিক ধ্যান-ধাৰণাৰ পৰিৱৰ্তন হৈছে। গতিকে ৰাজনীতিৰ প্ৰকৃতিও স্বাভাবিকভাবেই সলনি হৈছে।

ক) ৰাজনৈতিক কার্যকলাপ হিচাপে ৰাজনীতি: ৰাজনীতি হ’ল এক ধৰণৰ আচৰণ বা কাৰ্যকলাপ আৰু আনহাতে ৰাজনীতি বুলিলে কেতবোৰ ৰাজনৈতিক কার্যকলাপকো বুজায়।

খ) সংকীর্ণ ধাৰণা: সাধাৰণ অৰ্থত ৰাজনীতি বুলি ক’লে দলীয় ৰাজনীতিৰ সৈতে সম্পর্কিত ৰাজনৈতিক কার্যকলাপক সামৰি লোৱাৰ প্ৰয়াস কৰা দেখা যায় যদিও, এইটো এটা সংকীর্ণ ধাৰণা।

গ) বিৰোধৰ পটভূমিত ৰাজনীতি: সমাজত পৰস্পৰবিৰোধী অৰ্থ সাধনৰ বাবে ব্যক্তিৰ মাজত বিৰোধিতা আৰু সংঘাতৰ সৃষ্টি হয়।

ঘ) ৰাজনৈতিক কার্যকলাপ আৰু সৰ্বদলীয় চৰকাৰ বিশ্বৰ কিছুমান দেশত সৰ্বদলীয় চৰকাৰ ব্যৱস্থাৰ প্ৰচলন আছে। এনে চৰকাৰত বিৰোধী বা সংঘাতৰ উদ্ভৱ হোৱাৰ কোনো অৱকাশ নাথাকে। কিন্তু বাস্তৱ ক্ষেত্ৰত এইটো এটা বিভ্রান্তমূলক ধাৰণা।

গতিকে দেখা যায় ৰাজনীতি বৃহত্তৰ সামাজিক প্ৰক্ৰিয়াৰ অংশ। সামাজিক আৰু ৰাজনৈতিক বাতাবৰণত বিভিন্ন গোষ্ঠী-দল সংঘাতৰ মাজত হোৱা আন্তঃক্ৰিয়াৰ ফল হ’ল ৰাজনীতি।

২। ৰাজনীতিবিজ্ঞানৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকৃতি আলোচনা কৰা।

উত্তৰ : ৰাজনীতিবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হ’ল পলিটিকেল চায়েন্স। ইয়াৰে Political অর্থাৎ ৰাজনীতি শব্দটো গ্রীক শব্দ ‘Polis’-ৰ পৰা আহিছে। পলিচ শব্দৰ অৰ্থ হ’ল নগৰ বা ৰাষ্ট্ৰ। সেয়েহে ৰাজনীতি বুলিলে নগৰ ৰাষ্ট্ৰৰ নীতি আৰু ইয়াৰ লগত জড়িত থকা জনকল্যাণৰ কাৰ্যসমূহকে বুজায়। ষষ্ঠদশ শতিকাত জ্যা বদাই সর্বপ্রথম Political Science শব্দটো ব্যৱহাৰ কৰিছিল। ৰাজনীতিবিজ্ঞান সমাজবিজ্ঞানৰ এটা অংশ। ইয়াত ৰাষ্ট্ৰ আৰু ইয়াৰ শাসন কার্য সম্পর্কে আলোচনা কৰা হয়।

সংজ্ঞা: ব্লান্টশ্লিৰ মতে, ‘ৰাজনীতিবিজ্ঞান হ’ল ৰাষ্ট্ৰৰ বিজ্ঞান’।

গাণাৰৰ মতে, ‘ৰাজনীতিবিজ্ঞানৰ আৰম্ভ আৰু সমাপ্তি ৰাষ্ট্ৰক লৈয়েই।’

গতিকে ক’ব পাৰি- ৰাজনীতিবিজ্ঞান হ’ল এনে এটি সমাজ বিজ্ঞান য’ত ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ দাৰ্শনিক, সাংগঠনিক, প্রশাসনিক প্রসংগ, জাতীয় আৰু আন্তর্জাতিক আইন আৰু বহু ধৰণৰ ৰাজনৈতিক ব্যৱস্থাৰ তুলনামূলক আলোচনা আৰু পৰ্যালোচনা কৰা হয়।

ৰাজনীতিবিজ্ঞানৰ প্ৰকৃতি: উপৰোক্ত সংজ্ঞাসমূহত ৰাজনীতিবিজ্ঞানৰ প্ৰকৃতিৰ আভাস পোৱা যায়-

ক) ৰাজনীতিবিজ্ঞান সমাজবিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ অংশ।

খ) ৰাজনীতিবিজ্ঞান হ’ল এটা গতিশীল বিজ্ঞান।

গ) ৰাজনীতিবিজ্ঞানৰ পৰিসৰ দিনে দিনে বৃদ্ধি পাই আছে যদিও ইয়াৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰ।

ঘ) ৰাজনীতিবিজ্ঞানক বহুতে বিজ্ঞান বুলি ভাবে। এৰিষ্টটলৰ মতে, ‘ৰাজনীতি হ’ল শ্রেষ্ঠতম বিজ্ঞান।’

ৰাজনীতিবিজ্ঞানক বহু সময়ত কলা হিচাপে আখ্যা দিয়া হয়। ব্যৱহাৰিক দৃষ্টিভংগীৰ পৰা ৰাজনীতিবিজ্ঞানক কলা বুলি কোৱা হয়।

শেষত, ৰাজনীতিবিজ্ঞানৰ এটা উদ্দেশ্যমূলক দিশ আছে। ইয়াৰ উদ্দেশ্যমূলক আলোনাত নৈতিক দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

4 thoughts on “BA 1st Semester Political Science Unit 1 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ ধাৰণা | BA 1st Semester Political Science Chapter 1 Question Answer Assamese Medium | প্ৰথম অধ্যায় উত্তৰ | BA 1st Sem Political Science | BA First Semester Political Science Chapter 1 Question Answer”

Leave a comment